সঁচাকৈ মাজুলীৰ কিংকৰ চুকত ওলাইছে নেকি সোপাধৰা - ক’লা কাপোৰ পৰিহিত অচিনাক্ত লোক
🎬 Watch Now: Feature Video
শনিবাৰে নিশা হঠাৎ হুৱাদুৱা লাগিল মাজুলীৰ কিংকৰ চুকত (Tense situation in Majuli) ৷ কিংকৰ চুকৰ হেম ঠাকুৰৰ ঘৰত সোমাল হঠাৎ মুখ-হাত ঢাকি ক’লা কাপোৰ পৰিহিত অচিনাক্ত লোক । প্ৰথমে ইন্দ্ৰেশ্বৰী ঠাকুৰে প্ৰত্যক্ষ কৰে দুজন ব্যক্তিক । তাৰ পাচত অঞ্চলটোত সৃষ্টি হয় এক আতংকময় পৰিস্থিতি । আনকি মূহুৰ্তৰ ভিতৰতে অঞ্চলটোৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে ভিৰ কৰেহি হেম ঠাকুৰৰ ঘৰত । খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে ৰাজহ চক্ৰ বিষয়া । প্ৰশাসনৰ দাবী, ৰাইজে কোৱা ধৰণে অঞ্চলটোত নাই কোনো অপহৰণকাৰী কিম্বা অচিনাক্ত লোক (kidnapper in Majuli) । কিন্তু ইয়াৰে সমান্তৰালকৈ অঞ্চলটোৰ ৰাইজে দিছে বিপৰীত মন্তব্য ।