কৰম পূজাৰ দিনাই চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ প্ৰতিবাদ - কৰম পূজা
🎬 Watch Now: Feature Video
আজি কৰম পূজা । কৰম পূজাৰ দিনটোত আনন্দ উল্লাসৰ পৰিবৰ্তে ৰাজ্যজুৰি চাহ শ্ৰমিকসকলে সাব্যস্ত কৰা দেখা গ’ল প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কঠীয়াতলীৰ কন্দলী চাহ বাগিচাতো শ্ৰমিকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ (Tea Garden workers protest in Nagaon) । চাহ শ্ৰমিকসকলক চৰকাৰে মজুৰি বিহীন চুটি মঞ্জুৰ কৰাক লৈ ক্ষোভ বাগিছাৰ শ্ৰমিকসকলৰ । ৰাজ্য চৰকাৰে দিয়া অধিসূচনা অনুসৰি ৬ ছেপ্তেম্বৰ তাৰিখে অসমৰ চাহ বাগিছাসমূহত কৰম পূজা উপলক্ষে বাগিছা বন্ধ ঘোষণা কৰিছে যদিও এই বন্ধৰ পৰিৱৰ্তে বাগিছা কৰ্মীসকলে সাপ্তাহিক বন্ধৰ দিনা কাম কৰিব বুলি অধিসূচনাখনত উল্লেখ কৰে । চৰকাৰৰ এই ঘোষণাত অমান্তি চাহ শ্ৰমিকসকল । সেয়েহে, শ্ৰমিকসকলে আজি কৰ্মত যোগ দিয়ে যদিও চৰকাৰৰ ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পৰবৰ্তী কৰম পূজাত চুটিসহ মজুৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই ।