পৰ্যটকক আদৰিবলৈ সাজু টাৱাং ৷ 29 -31 অক্টোবৰলৈ টাৱাং মহোৎসৱ-2019 - Tawang
🎬 Watch Now: Feature Video

পৰ্যটকক আদৰিবলৈ সাজু টাৱাং৷ শুকুলা মেঘৰ আচ্ছাদনেৰে আৱৰি থকা প্ৰকৃতিৰ ৰম্যভূমি টাৱাঙত অনুষ্ঠিত হ'ব টাৱাং মহোৎসৱ-2019। যাৰ বাবে মনপা সকলে পৰ্যটকক জনাইছে টাচি দেলেক,যাৰ অৰ্থ স্বাগতম ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত 2012 চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে টাৱাং উৎসৱ ৷ 29 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ এই বছৰ অনুষ্ঠিত হ'ব এই উৎসৱ ৷ অহা 28 অক্টোবৰৰ সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব এই মহোৎসৱৰ ৷ টাৱাং উৎসৱৰ মূল লক্ষ্য হ'ল দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰা আৰু পৰ্যটনৰ লগতে ৰাজ্যখনৰ আৰ্থিক উন্নয়ন আৰু বিকাশ সাধন কৰা ৷ এই মহোৎসৱত অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীয় লোকসকলে বৌদ্ধ ধৰ্মৰ যাজক সমন্বিতে এছিয়াৰ প্ৰসিদ্ধ টাৱাং বৌদ্ধমঠৰ পৰা শোভাযাত্ৰা কৰি মহোৎসৱ স্থলীত উপস্থিত হয় ।
Last Updated : Oct 25, 2019, 7:36 PM IST