নতুন ক’ভিড নিৰ্দেশনাৰ পিছতে বিশ্বনাথত কঠোৰ প্ৰশাসন - ক’ভিড সংক্ৰমণৰ ভয়াবহতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11655056-thumbnail-3x2-img.jpg)
ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা ৰাজ্যত জাৰি হৈছে নতুন ক’ভিড নিৰ্দেশনা ৷ এই নিৰ্দেশনা অনুসৰি নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন । পূৰ্বে সন্ধিয়া ৬ বজালৈ দোকান-বজাৰ বন্ধৰ নিৰ্দেশনা আছিল, যদিও বুধবাৰৰ পৰা নতুন নিৰ্দেশনা অনুসৰি দিনৰ ২ বজাতে সকলো দোকান-বজাৰ বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ চৰকাৰে ঘোষণা কৰা নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই বিশ্বনাথত দিনৰ ২ বজাতে দোকান-পোহাৰ, বজাৰ-প্ৰতিষ্ঠান বন্ধ হোৱা পৰিলক্ষিত হয় । ইফালে সন্ধিয়া ৬ বজাৰ পৰা যি সান্ধ্য আইন জাৰি কৰিছে, তাক লৈও বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে । বিশেষ কাম থকা লোকসকলকহে আৰক্ষীয়ে অহা-যোৱা কৰিবলৈ দিয়ে ৷