thumbnail

By

Published : Jul 30, 2022, 3:26 PM IST

ETV Bharat / Videos

Smuggled wood seized: ৰঙাপৰা আমাৰীবাৰী বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি বাহন

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত নিশাৰ ভাগত অবাধে সৰবৰাহ হয় চোৰাং কাঠ(Timber smuggling in Assam) । এক গোপন সুত্ৰৰ পম খেদি শুকুৰবাৰে নিশা আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়(Seized vehicle with smuggled wood in Rangapara) । বনকৰ্মীৰ দলটোৱে ৰঙাপৰা-তেজপুৰ সংযোগী পথচোৱাৰ চেঁচা চাহ বাগিচাৰ মাজত চোৰাং কাঠৰ গাড়ীখন জব্দ কৰে (Police against timber smuggling) । আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া ৰাজু শইকীয়াৰ নেতৃত্বত বনকৰ্মীসকলে বনৰীয়া হাতী খেদি থকাৰ সময়তে ৰঙাপৰা দিশৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS12C4899 নম্বৰৰ টাটা মবাইলখনৰ চালকজনে বনকৰ্মীৰ দলটো প্ৰত্যক্ষ কৰাৰ পাছতে বাহনখন পথৰ দাঁতিত ৰাখি আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় । পাছত জব্দকৃত গাড়ীখন আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়লৈ প্ৰেৰণ কৰে বনকৰ্মী দলটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.