আশ্ৰয় দিয়া প্ৰতিবেশীৰ হাততে প্ৰাণ গ’ল চাহ মজদুৰ নেতা ৰাজু গোৱালাৰ
🎬 Watch Now: Feature Video
বিহালীৰ ৰঙাগড়ত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Murder case at Behali) ৷ অত্যাধিক মদ্যপান কৰি এহাল দম্পতীয়ে হত্যা কৰিলে ৰঙাগড়স্থিত অসম চাহ মজদুৰ সংঘৰ চমুকৈ SCMS ৰ শাখা সম্পাদক ৰাজু গোৱালাক (SCMS leader murdered at Bihali) । আৰক্ষীয়ে জনোৱা অনুসৰি, ৰঙাগড় অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰাজু গোৱালাক তেওঁৰ ঘৰৰ কাষতেই আশ্ৰয় দিয়া বাবুল টংলা আৰু সুনীতা বৰাইক নামৰ স্বামী-স্ত্ৰীয়ে মিলি কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা কৰে । লগতে মৃত ৰাজু গোৱালাৰ পত্নীকো প্ৰহাৰ কৰে ৷ ফলত মৃতকৰ পত্নী গুৰুতৰ ভাৱে আহত হৈ সম্প্ৰতি বৰগাঙৰ কেথলিক মিছন হাস্পতালত চিকিৎসাধীন হৈ আছে । ইতিমধ্যে ঘটনাস্থলীত বৰগাং আৰক্ষী উপস্থিত হৈ হত্যাকাৰী বাবুল টংলা আৰু চুনিতা বৰাইকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।