লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
🎬 Watch Now: Feature Video
অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সোমবাৰে 454 সংখ্যক তিৰোভাৱ তিথি (Srimanta Sankardeva Tirobhava Tithi) । এই উপলক্ষে ভক্তিৰসত ডুব গৈছে সমগ্ৰ ৰাজ্য । নামঘৰ, সত্ৰীয়া, অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষজনৰ তিৰোভাৱ তিথি পালন কৰা হয় । ৰাজ্যৰ অন্য স্থানৰ দৰে লখিমপুৰ জিলাতো গুৰুজনাৰ তিথি পালন কৰা হয় । নগৰৰ সত্ৰীয়া সংগীত বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, সত্ৰীয়া নৃত্য, ভাওনা আদিৰে মাজেৰে গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয় (Sankaradeva death anniversary observes in Lakhimpur) ।