মিচিং ভাষাৰ পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম জোনাইৰ ৰিবা দলে - অসমৰ ভিতৰতে প্ৰথম জোনাইৰ ৰিবা দলে
🎬 Watch Now: Feature Video

মিচিং সাহিত্য সভাৰ দ্বাৰা অনুষ্ঠিত কৰা ছমহীয়া মিচিং ভাষাৰ পাঠ্যক্ৰমত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ল জোনাইৰ ৰিবা দলেয়ে(Riba Doley ranks first in Missing Language Exam) । উল্লেখযোগ্য যে যোৱা ১৯ চেপ্তেম্বৰত মিছিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰমৰ অন্তত হোৱা পৰীক্ষাৰ ফলাফল মিছিং সাহিত্য সভাই ঘোষণা কৰে(Missing Language Course Result Declared) । ৭৩ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ১৬,৭৯৮ গৰাকী পৰীক্ষাৰ্থী অৱত্তীৰ্ণ হোৱাৰ বিপৰীতে মুঠ ১৫,৫৬৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । এই পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত ১৭০২ গৰাকী, দ্বিতীয় বিভাগত ৭৯৭৯ গৰাকী আৰু তৃতীয় বিভাগত ৫৮৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । ইয়াৰে জোনাইৰ লাইমেকুৰী ৰাকুট ককে গাঁৱৰ ৰিবা দলেয়ে ৭৭.৮৭ শতাংশ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।