Barshashree sit exam in Jail: বৰ্ষাশ্ৰীয়ে কাৰাগাৰৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাক লৈ প্ৰতিক্ৰিয়া - এটা বিতৰ্কিত ফেচবুক প’ষ্টৰ বাবে টীয়কৰ বৰ্ষাশ্ৰীক কাৰাৰুদ্ধ
🎬 Watch Now: Feature Video
এটা বিতৰ্কিত ফেচবুক প'ষ্টৰ বাবে টীয়কৰ এগৰাকী 18 বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰীক কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই সম্প্ৰতি ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে (Barshashree Buragohain jailed for sedition)। কবিতা ভাল পোৱা বৰ্ষাশ্ৰীয়ে এটা কবিতাৰ মাজেৰে মনৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল । তাৰ পিছতে ছাত্ৰীগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । বিগত দুটা মাহ ধৰি ৰঙাঘৰত আলহী হৈ থকা বাবেই গোলাঘাট সত্ৰ নায়্যাধীশ আদালতে বিশ্ববিদ্যালয়ৰ গাইড লাইন মতে পৰীক্ষাত অৱতীৰ্ণ হবলৈ সুবিধা কৰি দিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল (Assam court allowed jailed Barshashree Buragohain sit for exam) । সেই মৰ্মে অংক বিষয়ত মেজৰ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ল ৷ পিছে কাৰাগাৰৰ ভিতৰতহে পৰীক্ষাত অৱতীৰ্ণ হ'ল যোৰহাটৰ ডিচিবি মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ষাশ্ৰী (Barshashree sit exam inside Golaghat jail) ৷ ফলত গোলাঘাট আৰক্ষীয়ে আদালতে দিয়া নিৰ্দেশনা অৱমননা কৰি এইদৰে কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ বিশিষ্ট অধিবক্তা হেমেন বৰাই । আনহাতে, বিশিষ্ট অধিবক্তাগৰাকীয়ে আৰক্ষীৰ হাতৰ পৰা যোৰহাটৰ পৰা গোলাঘাটলৈ প্ৰশ্ন কাকত কঢ়িয়াই নিয়া অৱস্থাত ভাইৰেল হোৱা সম্ভাৱনা প্ৰকাশ কৰে ৷