thumbnail

By

Published : Jun 21, 2022, 5:43 PM IST

ETV Bharat / Videos

উত্তৰ অভয়াপুৰীৰ সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে বন্যাৰ্তৰ গৰ্জন

বান আৰু গৰাখহনীয়াত বিধ্বস্ত হৈছে ৰাজ্যবাসী (Flood and erosion in Assam) ৷ ৰাজ্যৰ ভিন্ন নৈৰ সমান্তৰালকৈ আই নদীৰ গৰাখহনীয়াৰ ফলত তীব্ৰত শংকাত ভুগিছে এতিয়া উত্তৰ অভয়াপুৰীবাসী (Ai river erosion at North Abhayapuri) ৷ কিন্তু এই খহনীয়া ৰোধৰ ক্ষেত্ৰত সাংসদ আব্দুল খালেকে কোনো কাণষাৰ নিদিয়াৰ এক অভিযোগ উত্থাপন কৰিছে আঞ্চলটোৰ ৰাইজে ৷ যাৰ বিৰুদ্ধে ক্ষোভত অগ্নিশৰ্মা হৈ স্থানীয় ৰাইজে সাংসদগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিগত দুটা বছৰে ধাৰাবাহিকভাৱে অব্যাহত আছে আই নৈৰ খহনীয়াৰ তাণ্ডৱ ৷ কিন্তু বিগত এটা সপ্তাহৰ পৰা এই খহনীয়াই লৈছে অধিক ভয়াবহ ৰূপ ৷ ইতিমধ্যে আই নৈৰ খহনীয়াত জাহ গ’ল ২নং বাশবাৰী, টেণ্ডনপুৰ আৰু বালাৰপেট গাঁৱৰ তিনিশতকৈ অধিক পৰিয়ালৰ ঘৰ দুৱাৰ । এই সন্দৰ্ভত সাংসদ আব্দুল খালেকক অৱগত কৰোৱাৰ পিছতো সেই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ নাহিল সাংসদগৰাকী ৷ যাৰ বিৰুদ্ধে ক্ষোভিত হৈ অঞ্চলটোৰ ৰাইজে আব্দুল খালেক মুৰ্দাবাদ, আব্দুল খালেক গ’ বেক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.