PM Modi to visit Assam : প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু ডিব্ৰুগড়বাসী

By

Published : Apr 28, 2022, 11:27 AM IST

thumbnail

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু হৈছে ডিব্ৰুগড়বাসী (Preparation for Modi's Assam visit) । ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ 6 খনকৈ কেন্সাৰ কেয়াৰ হাস্পতাল বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to inaugurate cancer hospitals in Assam) । বুধবাৰে নিশাৰ ভাগত বতৰে কিছু বিধি-পথালি দিয়াত কিছু চিন্তিত হৈ পৰিছিল দলীয় কৰ্মকৰ্তাসকল । কিন্তু পুৱাৰে পৰা বতৰ ফৰকাল হোৱাৰ বাবে আনন্দমুখৰ পৰিৱেশ দেখা গৈছে উদ্যোক্তাসকলৰ মাজত । ইয়াৰে সমান্তৰালকৈ পৰ্যটন বিভাগৰ ভাৰত চৰকাৰৰ সহযোগত, অসম চৰকাৰৰ উদ্যোগত আৰু কেবিনেট মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু হৈছে প্ৰায় তিনি হাজাৰ নাচনী ঢুলীয়া । ইতিমধ্যে আখৰা সম্পূৰ্ণ কৰি তুলিছে নাচনীসকলে । এইসকল নাচনী ঢুলীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটা(Veteran industrialist Ratan Tata) ৰ সন্মুখত প্ৰদৰ্শন কৰিব বিহু । যাৰ বাবে যুদ্ধকালীনভাৱে চলিছে মোডীৰ সভাৰ সকলো কাম । নিৰাপত্তা ব্যৱস্থাও কটকটীয়াকৈ গঢ়ি তোলা হৈছে ডিব্ৰুগড়ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.