Poor Highway Condition: মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙৰ বিধ্বস্ত ৰূপ - Poor condition of National Highway
🎬 Watch Now: Feature Video

মৰাণৰ বৃহত্তৰ খোৱাং অঞ্চলৰ যোগাযোগৰ মেৰুদণ্ড স্বৰূপ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোৱাং চাৰিআলি আৰু খোৱাংঘাট সংযোগী পথত থকা এখন পকী দলঙৰ বিধ্বস্ত ৰূপে(Poor condition of 37 national highway) জ্বলা-কলা খোৱাইছে জনসাধাৰণক ৷ পথটোৰ খোৱাং আজাৰগুৰীত ডিমৌ নৈৰ ওপৰত থকা পকী দলংখনৰ বিভিন্ন অংশ ভাগি লোৰ ৰ'ড ওলাই পৰাত এতিয়া ভয়াবহ দুৰ্ঘটনাৰ আশংকাই দেখা দিছে ৷ ২০১৫ বৰ্ষত নিৰ্মাণ কৰা এই দলংখনৰ মানদণ্ড তেনেই নিম্নমানৰ হোৱাৰ ফলত নিৰ্মাণৰ কিছুদিনৰ পিছৰে পৰাই ক্ৰমাৎ যাতায়তৰ অনুপযোগী হৈ পৰিছে । তদুপৰি দলঙখনৰ দুয়োদিশে সংলগ্ন পথত বৃহৎ গাঁতৰ সৃষ্টি হৈ বিধ্বস্ত ৰূপ লোৱাত জনসাধাৰণে চৰম দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ নিৰ্মাণৰ পাছৰে পৰা বিধ্বস্ত হৈ পৰা পথ-দলঙৰ মেৰামতিৰ ক্ষেত্ৰতো বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ ফলত বিধ্বস্ত এই পথ-দলঙত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷