Pankaj Pathak controversy : পংকজ পাঠকক বিচাৰি আৰক্ষীৰ অভিযান

By

Published : Jul 20, 2022, 10:23 PM IST

Updated : Jul 20, 2022, 11:01 PM IST

thumbnail
পংকজ পাঠকৰ সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ (Police search operation against Pankaj Pathak)। টিহুৰ পংকজ পাঠকৰ ঔষধৰ ফেক্টৰীত পাঠকক নাপাই আৰক্ষীয়ে জব্দ কৰিলে কৰ্মচাৰীৰ মোবাইল ফোন । স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে সামাজিক মাধ্যমত মহিলাক অশালীন মন্তব্য কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Pankaj Pathak controversy)। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত মহিলা সংগঠনে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে তৎপৰ হৈছে আৰক্ষী (Fir against Pankaj Pathak)। বুধবাৰে পুৱতি নিশা পংকজ পাঠকক বিচাৰি টিহু আৰক্ষীৰ সহযোগত গুৱাহাটীৰ হাটীগাঁও থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে পংকজ পাঠকৰ টিহুৰ নতুন বনিয়াকুছিস্থিত উদ্যোগত অভিযান চলায় ৷ কিন্তু পাঠকক নাপাই উদ্যগটোৰ কৰ্মচাৰীৰ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । বুধবাৰে বন্ধ হৈ থাকিল পংকজ পাঠকৰ টিহুৰ ফেক্টৰীটো । উদ্যোগটোৰ কৰ্মচাৰী সকলে পংকজ পাঠকক ধোৱা তুলসীৰ পাত সজাই তেওঁৰ সমৰ্থনত বিভিন্ন যুক্তি প্ৰদৰ্শন কৰে ।
Last Updated : Jul 20, 2022, 11:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.