উদণ্ড বাইক চালকৰ বাইকৰ খুন্দাত আহত আৰক্ষী - Police seriously injured in bike collision

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 10, 2022, 10:29 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীয়ে তহল দি থকাৰ সময়তে উদণ্ড বাইক চালকৰ বাইকৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত হয় এজন আৰক্ষীৰ জোৱান(Police seriously injured in bike collision) । মাণিকপুৰত আৰক্ষীৰ এটা দলে তালাচী চলাই থকাৰ সময়তে জাকুৱাপাৰাৰ উদণ্ড বাইক চালক কৰ্তব্যমণি ৰায় নামৰ যুৱকজনৰ বাইকৰ খুন্দাত আহত হয় আৰক্ষী জোৱানজন। আৰক্ষীয়ে কৰ্তব্যক গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে যদিওঁ বাইখখন ৰখোৱাৰ পৰিৱৰ্তে তীব্ৰ বেগেৰে পলায়নৰ চেষ্টা চলাওতেই কনিষ্টবল পংকজ গোস্বামীক খুন্দা মাৰে । ফলত কনিষ্টবল পংকজ গোস্বামী গুৰুত্বৰ ভাবে আহত হয় । আহত কনিষ্টবলগৰাকীক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিওঁ হাত, ভৰি ভাঙি যোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আছাম হস্পিতালত ভৰ্তি কৰে । ইফালে দুৰ্ঘটনা সংঘটিত কৰা উদণ্ড বাইক চালকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে (Manikpur police arrest biker) ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.