বিহপুৰীয়াত হিতাধিকাৰীৰ ঘৰে ঘৰে ওলাইছে প্লাষ্টিকৰ চাউল - হিতাধিকাৰীক যোগান ধৰা প্লাষ্টিক সদৃশ চৰকাৰী চাউল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 6, 2022, 2:06 PM IST

লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সাৰজানত সুলভ মূল্যৰ দোকানত (Ration shop in Bihpuria) ওলাইছে প্লাষ্টিক সদৃশ চাউল (Plastic rice) ৷ জিলাখনৰ খেৰাজখাত সমবায় সমিতিয়ে দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা প্লাষ্টিক সদৃশ চৰকাৰী চাউলক (Free Rice of Government Scheme) লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ খোৱাৰ বাবে অনুপযুক্ত প্লাষ্টিকৰ চাউলক লৈ বিমোৰত পৰিছে দৰিদ্ৰ হিতাধিকাৰীসকল । পানীত দিলেই মুড়িৰ দৰে ওপঙি যায় এই চাউল । জ্বলাই দিলে জ্বলি যায় চাউল । চৰাই চিৰিকটিয়েও ভক্ষণ নকৰাৰ অভিযোগ ৰাইজৰ । ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰীসকল । খেৰাজখাত সমবায় সমিতিয়ে এজেণ্টৰ জৰিয়তে বিতৰণ কৰা এই প্লাষ্টিক সদৃশ চাউলৰ সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.