কুৰিটা হাতীৰ মৃত্যু : উচিত তদন্তৰ দাবী নেচাৰ্ছ বেকনৰ - হাতীৰ মৃত্যু

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 14, 2021, 4:58 PM IST

নগাঁও জিলাৰ বঢ়মপুৰৰ বামুনী পাহাৰত কুৰিটাকৈ বনৰীয়া হাতীৰ মৃত্যুক লৈ ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই কৰুণ ঘটনাক কোনেও সহজভাৱে ল’ব পৰা নাই । প্ৰাথমিক অনুসন্ধানত বজ্ৰপাতত হাতীকেইটাৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে বন বিভাগে । কিন্তু এই ধাৰণা কোনেও মানি ল’ব বিচৰা নাই । ইয়াৰ আঁৰত নিশ্চয় অন্য কিবা ৰহস্য আছে বুলি অভিযোগ উত্থাপন হৈছে । বিশেষকৈ প্ৰকৃতি প্ৰেমী সংগঠন তথা প্ৰকৃতি প্ৰেমীসকলে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে । হাতীৰ মৃত্যুৰ এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী সংগঠন ‘নেচাৰ্ছ বেকন’ৰ সঞ্চালক সৌম্যদ্বীপ দত্তই । ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে দত্তই ঘটনাৰ লগত জড়িত দোষীৰ শাস্তি দাবী কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ যোগেদি প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে সঞ্চালক সৌম্যদ্বীপ দত্তই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.