বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান - বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2022, 1:36 PM IST

বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান(National flag insulted in Bilasipara) । ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নহয় ১৮ আগষ্টলৈ উৰিছে ৰাষ্ট্ৰীয় পতাকা । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা জমদুৱাৰস্থিত চাপৰ ধান ক্ৰয় কেন্দ্ৰ আৰু আটা মিলত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা । সমান্তৰালভাৱে বিলাসীপাৰাৰ সন্তোষপুৰৰ নিৰ্মীয়মান পানী যোগান আঁচনিতো আজিও উৰি আছে জাতীয় পতাকা । জমদুৱাৰৰ ধান ক্ৰয় কেন্দ্ৰ আৰু আটা মিলত আজিও উৰি থকা পতাকাখনৰ সাংবাদিকে দৃশ্যগ্ৰহণ কৰি থকা দেখি ততাতৈয়াকৈ নমায় কৰ্তৃপক্ষই । ইফালে ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা ঘটনাক লৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ ধুবুৰী জিলা প্ৰশাসন আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনক দাবী জনাইছে বিভিন্ন দল সংগঠনে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.