thumbnail

নাৱেৰে গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ছামছুল হুদাৰ

By

Published : Jun 10, 2021, 9:20 PM IST

এইবাৰ নাওৰীয়াৰ ৰূপত দেখা গ’ল বিধায়ক ছামছুল হুদাৰ ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত চুৱাপাতা নৈপৰীয়া অঞ্চল পৰিদৰ্শন কৰে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই ৷ বৰলুইতৰ খহনীয়াত উচন গৈছে পঞ্চায়তটোৰ ছুৱাপাতা 5ম খণ্ড গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ নদীৰ পানীত বিলীন হৈছে শ শ বিঘা কৃষিভূমি ৷ দুৰ্দশাগ্ৰস্ত অঞ্চলটোত উপস্থিত হৈ বিধায়ক ছামছুল হুদাই নিজেই যন্ত্ৰচালিত নাও চলাই খহনীয়াগ্ৰস্তৰ বুজ লয় ৷ শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.