thumbnail

কলগাছিয়াৰ বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

By

Published : May 24, 2022, 6:44 PM IST

কলগাছিয়াৰ কৰাৰকুৰত বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ উল্লেখ্য যে, আমিনগাঁৱৰ পৰা বৰপেটা হৈ অভয়পুৰীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটি কলগাছিয়াৰ কৰাৰকুৰৰ বেকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰাত বৰপেটা জিলা প্ৰশাসনে উক্ত পথটো বন্ধ কৰি দিয়ে । ইয়াৰ পিছতে ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু ২ নং বিকল্প ৰাজ্যিক ঘাইপথ ৰক্ষাৰ বাবে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে বিভাগীয় কর্তৃপক্ষৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাক এই বিষয়ে অৱগত কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ২ নং বিকল্প ৰাজ্যিক ঘাইপথটি পৰিদৰ্শনৰ (Pijush Hazarika visits erosion affected areas of Kalgachia)বাবে কলগাছিয়াৰ কৰাৰকুৰত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika at Kalgachia)৷ আনহাতে উক্ত পথটি গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৷ লগতে আগন্তুক ডিচেম্বৰ মাহৰ পৰা গৰাখহনীয়ৰ স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.