Mekhela Chadar seized: এতিয়াও বহিঃৰাজ্যৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে নেকি থলুৱা মেখেলা চাদৰৰ বজাৰখন ? - মেখেলা চাদৰ জব্দ
🎬 Watch Now: Feature Video

অসমৰ থলুৱা মেখেলা চাদৰৰ বজাৰখনো যে বহিঃৰাজ্যৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে বঙাইগাঁৱত সংঘটিত হোৱা এক ঘটনাই ৷ শেহতীয়াকৈ বৃহস্পতিবাৰে পুৱতি নিশা বঙাইগাঁও সদৰ আৰক্ষীয়ে এখন নাইট চুপাৰত অভিযান চলাই বহিঃৰাজ্য পশ্চিম বংগৰ পৰা কঢ়িয়াই অনা প্ৰায় ২৪ বেগ মেখেলা চাদৰ জব্দ কৰে (Huge quantity of Mekhela Chadar seized) ৷ জব্দকৃত ননী পাতৰ মেখেলা-চাদৰ কেইযোৰৰ পৰিমাণ প্ৰায় আঢ়ৈ হাজাৰখন ৷ লগতে এই ঘটনাৰ লগত জড়িত বহুকেইজন লোকক আটক কৰে আৰক্ষীয়ে ৷ বহ্যিঃৰাজ্যৰ দুষ্ট চক্ৰই মেচিনত বোৱা মেখেলা চাদৰৰে অসমৰ বজাৰ দখল কৰি থলুৱা শিপনীসকলৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি ৷