ৰঙিয়াৰ নবুৰ্কা সত্ৰত শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন - শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য
🎬 Watch Now: Feature Video

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি (Madhavdevs 426th death anniversary observed) ৷ মহাপুৰুষগৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াৰ নবুৰ্কা সত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি । বৃহস্পতিবাৰে পুৱাৰে পৰা ডেকা গাভৰু আবাল বৃদ্ধ বনিতাই গুৰুজনাক স্মৰণ কৰাৰ উদ্দেশ্যে উপস্থিত হৈছেহি সত্ৰখনত (Naburka Satra in Rangia) । কাৰ্যসূচী অনুসৰি পুৱা উষা কীৰ্ত্তন, নাম প্ৰসংগ, আইসকলৰ নাম, অংকীয়া ভাওনা পৰিৱেশন, শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে ৷