ৰাজ্যবাসীৰ মংগলাৰ্থে মা দুৰ্গাৰ আশীষ ল’লে লুৰীণজ্যোতি গগৈয়ে - মহা নৱমীৰ পূজা মণ্ডপসমূহ
🎬 Watch Now: Feature Video

ঢাক, ঢোলৰ শব্দত মুখৰিত হৈছে মহা নৱমীৰ পূজা মণ্ডপসমূহ (Maha Navami 2022)। নৱমীৰ দিনাই ডিব্ৰুগড়ত মা দুৰ্গাৰ আশীষ ল’লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi in Dibrugarh) । ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত মিলনজ্যোতি সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ পূজাত ৰাইজৰ লগতে জাতিৰ মংগলৰ বাবে মাৰ শ্ৰী চৰণত সেৱা ল’লে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । দুৰ্গা পূজাৰ পাচৰে পৰা ৰাজ্যৰ লগতে দেশত শান্তি, সমন্বয়ৰ বাৰ্তা আহিব বুলি আশা প্ৰকাশ কৰিছে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।