Leopard body recovered: চৰাইদেউত উদ্ধাৰ এটা প্ৰকাণ্ড মৃত নাহৰফুটুকী - Leopard body recovered
🎬 Watch Now: Feature Video

চৰাইদেউ জিলাৰ মাইবেলাৰ ১০১ নং গ্ৰাণ্টত দেওবাৰে নিশা উদ্ধাৰ হৈছে এটা প্ৰকাণ্ড মৃত নাহৰফুটুকী (Leopard body recovered in Charaideo)। অঞ্চলটোৰ এজন লোকৰ চাহ বাগিচাত মৃত নাহৰফুটুকীটো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । পিছত স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বিভাগীয় লোক মাইবেলাত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি লৈ যায় । নাহৰফুটুকীটোয়ে খাদ্যৰ সন্ধানতে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ৷ অৱশ্যে, নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ অন্তত নাহৰফুটুকীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি উল্লেখ কৰিলে বন বিভাগৰ এগৰাকী বিষয়াই ।