কৰ দিবলৈ অমান্তি হোৱাৰ বাবেই লেচিয়ে মহিলা ব্যৱসায়ীক প্ৰহাৰৰ অভিযোগ - লেচিয়ে মহিলা ব্যৱসায়ীক প্ৰহাৰৰ অভিযোগ
🎬 Watch Now: Feature Video

সোণাৰিৰ নামতোলাত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Tense situation in Sonari)। নাগালেণ্ডৰ এগৰাকী মহিলা ব্যৱসায়ীক প্ৰহাৰৰ অভিযোগ নামতোলাৰ লেচি অৰ্থাৎ হাটখোৱাৰ বিৰুদ্ধে । নাগালেণ্ডৰ মন জিলাৰ টিজিতৰ পৰা সোণাৰিত ব্যৱসায়ৰ বাবে অহা মহিলা ব্যৱসায়ীৰ পৰা অত্যাধিক কৰ সংগ্ৰহৰ অভিযোগ লেচিৰ বিৰুদ্ধে । কৰ দিবলৈ অমান্তি হোৱা নগা মহিলা ব্যৱসায়ী বানজাত কন্যাক প্ৰহাৰৰ গুৰুতৰ অভিযোগ (Lacey accused of beating up female businessman) ৷ ঘটনা সন্দৰ্ভত নামতোলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ । উল্লেখযোগ্য যে সোণাৰিৰ নামতোলাত কিছু লোকে অবৈধভাৱে কৰ সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাৰ লগতে একাংশ লোকে ।