আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক উপযুক্ত শাস্তি দিলেহে সুখী হম: কীৰ্তিকমল বৰা - প্ৰদীপ বণিয়াৰ বিৰুদ্ধে গাঁৱৰ মুখ্যন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে
🎬 Watch Now: Feature Video

অৱশেষত দোষমুক্ত হ’ল নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰা (Kirtikamal Bora victim of fake encounter) ৷ মঙলবাৰে আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধে নগাঁৱৰ মুখ্য ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে ৷ এই সন্দৰ্ভত কীৰ্তিকমল বৰাই সুখী বুলি মন্তব্য কৰাৰ লগতে আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক উপযুক্ত শাস্তি দিলেহে সঁচাকৈয়ে সুখী অনুভৱ কৰিব বুলি মন্তব্য কৰে ৷ ইফালে কীৰ্তিকমলৰ পিতৃ নীল কমল বৰাই শীঘ্ৰে চৰকাৰক কীৰ্তিকমলক কোনো সংস্থাপন দিবলৈ অনুৰোধ জনায় ৷ উল্লেখ্য যে, কীৰ্তিকমলৰ পিতৃ নীল কমল বৰাই দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ১৩৯/২০২২ নম্বত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৪১/২৯৪/৩২৬/৩০৭/৫০৬ ধাৰা,আৰ /ডব্লিউ ২৫(১-এ) অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু হৈছিল (Fake encounter by Nagaon police) । এই গোচৰৰ ভিত্তিতে চিআইডিয়ে অনুসন্ধান চলাই কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা কৰে (Kirtikamal Bora encounter) ।