Karmashree Awards 2022 : কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি বিতোপন নেওগলৈ কৰ্মশ্ৰী বঁটা

By

Published : Apr 23, 2022, 11:52 AM IST

thumbnail
কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি তথা বৰ্তমান শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক কৰ্মশ্ৰী বঁটা(Karmashree Awards to ACS Officer Bitopan Neog) প্ৰদান ৷ এই বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) ই ৷ প্ৰাকৃতিক, ঐতিহাসিক আৰু সাংস্কৃতিক সমলৰে ভৰপুৰ কলিয়াবৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি নেওগে ৷ এই বঁটা গ্ৰহণ কৰি কলিয়াবৰত উপস্থিত হয় বৰ্তমানৰ শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ ৷ কলিয়াবৰবাসীয়ে উষ্ম আদৰণিৰ লগতে আন্তৰিক অভিনন্দন জনায় এচিএছ বিষয়াগৰাকীক ৷ তদুপৰি মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত কলিয়াবৰ প্ৰশাসন, বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে বিতোপন নেওগক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.