thumbnail

By

Published : Jun 6, 2021, 5:01 PM IST

ETV Bharat / Videos

ভ্ৰাম্যমান জগতৰ এগৰাকী সংগীত পৰিচালকৰ জীৱন কাহিনী

বঙাইগাঁও জিলাৰ এগৰাকী সংগীত পৰিচালক ৷ সুদীৰ্ঘ 37 টা বছৰে ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈ থকা সংগীত পৰিচালক গৰাকীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ জিলাখনৰ মানিকপুৰৰ আবাদি গাঁৱৰ যতীন পাঠক নামৰ সংগীত পৰিচালকগৰাকীয়ে শিল্পী কৰ্মৰ পৰা আঁতৰি আহি এতিয়া কৃষি কৰ্মত জড়িত হৈ পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনৰ বাবেই এসময়ত মুকুন্দ, কহিনুৰ, ইতিহাস, বৃন্দাবন থিয়েটাৰৰ মঞ্চত সংগীত পৰিচালনা কৰি ৰাইজৰ সমাদৰ লাভ কৰা পৰিচালক গৰাকীয়ে এতিয়া তেওঁৰ বৃত্তি সলনি কৰিবলৈ বাধ্য হৈ পৰিছে ৷ লকডাউনে জুৰুলা কৰা শিল্পী গৰাকীৰ জীৱন সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.