JE in Assam: GMCHত চিকিৎসাধীন হৈ আছে ৩৯ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী - জাপানীজ এনকেফেলাইটিছৰ আতংক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 23, 2022, 6:19 PM IST

বানৰ পিছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছ । ক্ৰমাৎ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক বৃদ্ধি পাইছে (Japanese Encephalitis in Assam) । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ মৃতকৰ সংখ্যাও । GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই (GMCH Superintendent Abhijit Sharma) উল্লেখ কৰা অনুসৰি, বৰ্তমান জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ জি এম চি এইছত ৩৯ জন ৰোগী চিকিৎসাধীন হৈ আছে (Undergoing treatment at GMCH)। ইয়াৰে ভিতৰত ১১ জন ICU ত ভৰ্তি হৈ আছে । লগতে অধীক্ষকগৰাকীয়ে কয় যে, জি এম চি এইচত পহিলা এপ্ৰিলৰ পৰা বৰ্তমানলৈ ৬৫ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী আহিছে ৷ ইয়াৰে ৯ জন ৰোগীৰ মৃত্যু হোৱাৰ লগতে ১৪ জন ৰোগী সুস্থ হৈ ঘৰলৈ গৈছে । উল্লেখ্য যে, চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত ৩৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫১ জন লোক আক্ৰান্ত হৈ আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.