Illegal Saw mill seized: অবৈধ কাঠফলা মেচিন জব্দ - Barpeta Road Forest Officer Prasanta Gogoi
🎬 Watch Now: Feature Video
বৰপেটাৰোড বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ পৰা এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰে । বৰপেটাৰোড বনাঞ্চলিক বিষয়া প্ৰশান্ত গগৈৰ(Barpeta Road Forest Officer Prasanta Gogoi) নেতৃত্বত বন বিভাগৰ দলটোৱে অবৈধ কাঠফলা মিলটো উচ্ছেদ কৰাৰ লগতে এটা কাঠফলা মেচিন আৰু আন আন সামগ্ৰী জব্দ কৰি লৈ যায়(Illegal wood seized at barpeta road) । উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ সাওৰাচৰা, ময়নবৰী, চান্দমামা, খাজাৰটাৰী, বালিকুৰি এন চি, জনীয়া, বনগুঘি, জনতা আদি অঞ্চলত দীৰ্ঘদিনৰে পৰা অবৈধভাবে কাঠফলা মিল চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এই অভিযোগৰ ভিত্তিতে বন বিভাগে আজি অভিযান চলাই অবৈধ কাঠফলা মিল উচ্ছেদ কৰে ৷ বন বিভাগে লগতে অতি সোনকালে আন আন অবৈধ মিলসমূহো জব্দ কৰাৰ কথা ব্যক্ত কৰে ৷ বন বিভাগৰ পৰা জানিব পৰা মতে, বিগত ছয় মাহত অঞ্চলটোৰ পৰা প্ৰায় ২৪ টাকৈ কাঠফলা মিল জব্দ কৰা হৈছে ।
Last Updated : Jul 29, 2022, 10:25 PM IST