সাপেখাতীত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন - বাসগৃহ ভাঙি তচনচ
🎬 Watch Now: Feature Video
ৰাজ্যত এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগ ৷ এবাৰ যদি ভূমিকম্প আন এবাৰ আকৌ কাল ধুমুহা ৷ বিপদে যেন লগ নেৰা হৈছে মানুহক ৷ ক'ভিড মহামাৰীয়ে মানুহৰ সাধাৰণ জীৱন দুৰ্বিসহ কৰি তোলাৰ সময়তে চৰাইদেউৰ সাপেখাতীত প্ৰচণ্ড ধুমুহা বতাহ । সাপেখাতী অঞ্চলৰ বহুকেইখন গাঁৱত বিস্তৰ ক্ষতিসাধন হয় প্ৰচণ্ড ধুমুহাৰ ফলত । বালিখেটিয়া, বাৰেগাওঁ, সাপেখাতী চাৰিআলীৰ লগতে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি তচনচ কৰিলে কালৰূপী ধুমুহা-বতাহে ।