বান্ধবীৰ ঘৰত কিতাপ পত্ৰ থৈ সন্ধানহীন কলগাছিয়াৰ এগৰাকী ছাত্ৰী - কলগাছিয়াত চাঞ্চল্যৰ ঘটনা
🎬 Watch Now: Feature Video

কলগাছিয়াত চাঞ্চল্যৰ ঘটনা ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি আৰক্ষী চকীৰ এলেকাধীন বালিকুৰি কে গাঁৱৰ এগৰাকী ছাত্ৰী সন্ধানহীন হৈ তথ্য পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, চলিত মাহৰ ২২ তাৰিখৰ পৰা কে গাঁৱৰ মহম্মদ আলীৰ ১৯ বছৰীয়া কন্যা মমতাজ খাতুন সন্ধানহীন হৈ আছে ৷ সেইদিনা পুৱা ৮ বজাত ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰা বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বুলি উলাই গৈছিল ৷ কিন্তু আজিকোপতি স্কুলৰ পৰা ঘৰলৈ উভতি নাহিল মমতাজ । ইয়াকে লৈ এতিয়া চিন্তিত পৰিয়ালবৰ্গ । ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজন সকলোতে বিচাৰ খোচাৰ কৰিও পিতৃ-মাতৃয়ে পালে কেৱল নিৰাশা ৷ ইফালে সন্ধানহীন হোৱাৰ দিনাই মমতাজে তেওঁৰ এগৰাকী বান্ধবীৰ ঘৰলৈ গৈছিল আৰু বান্ধবীৰ ঘৰতে কিতাপ পত্ৰ ৰাখি তাৰ পৰাই নিৰুদ্দেশ হয় বুলি জনাই মমতাজৰ আত্মীয়ই (Girl Missing in Kalgachia)। মমতাজ কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । অৱশেষত ২৪ চেপ্তেম্বৰ তাৰিখে মমতাজৰ পিতৃ মহম্মদ আলীয়ে বালিকুৰি আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ । কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ ৷ সেয়েহে যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰীগৰাকীৰ কোনো তথ্য পাই তেন্তে কাষৰ আৰক্ষী থানা নাইবা 6001699214 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।