Badarpur Foot Over Bridge: ফুলদানীত পৰিণত বদৰপুৰৰ ফুট অভাৰ ব্ৰীজ - Badarpur Foot Over Bridge
🎬 Watch Now: Feature Video
বদৰপুৰত ৰে’ল বিভাগৰ কোটিটকীয়া এটা ফুলদানীৰ নাম হৈছে ফুট অভাৰ ব্ৰীজ(Badarpur railway foot over bridge)। বিপজ্জনক অৱস্থাত যাতে কোনেও ব্যস্ত ৰেল লাইন পাৰ নহয়, তাৰ বাবে নিৰ্মাণ কৰা হৈছিল এই ফুট অভাৰ ব্ৰীজ(Foot over bridge in Badarpur) । কোটি টকা খৰচ কৰি অভাৰ ব্ৰীজ নিৰ্মাণ কৰা হৈছিল ঠিকেই । কিন্তু বৰ্তমান কোনেও ব্যৱহাৰ নকৰে এই ফুট অভাৰ ব্ৰীজখন । ইয়াৰ বিপৰীতে অব্যাহত আছে বিপজ্জনকভাৱে ৰে'ল লাইন পাৰাপাৰ । কিয়নো অবৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল এই অভাৰ ব্ৰীজ । অভাৰ ব্ৰীজৰে পাৰ হ'বলৈ হ'লে খোজকাঢ়িব লাগে ৮০০/৯০০ মিটাৰ । অথচ এই ফুট অভাৰ ব্ৰীজ নিৰ্মাণৰ আৰম্ভণিৰ পৰা মজদুৰ ইউনিয়নে ইয়াৰ বিৰোধিতা কৰি আহিছিল । মজদুৰ ইউনিয়নে যুক্তি দেখুৱাইছিল যে, এই প্ৰকল্প সম্পূৰ্ণ অবৈজ্ঞানিক । কিন্তু সকলো আওকাণ কৰি নিৰ্মাণ কৰা হৈছিল এই ফুট অভাৰ ব্ৰীজ । যিখন বৰ্তমানে ফুলদানীৰ ভুমিকাত ৰূপান্তৰিত হৈছে ।