মৎস্য ব্যৱসায়েৰে 80 টা পৰিয়ালক সংস্থাপন এজন ব্যৱসায়ীৰ - মৎস্য ব্যৱসায়
🎬 Watch Now: Feature Video
ৰাজ্যত অব্যাহত থকা আংশিক লক ডাউনৰ সময়তে যোৰহাট জিলাৰ টীয়কৰ বামুণপুখুৰীৰ অমৰজ্যোতি পাচনী নামৰ লোকজনৰ এক ইতিবাচক প্ৰচেষ্টাই আশা কঢ়িয়াইছে গ্ৰাম্য অৰ্থনীতিলৈ ৷ মূলতঃ মাছৰ পোনাৰ ব্যৱসায়ৰ সৈতে জড়িত অমৰজ্যোতি পাচনীয়ে বিগত 17 বছৰে নিজৰ প্ৰায় 5 বিঘা মাটিত নিৰ্মাণ কৰা ফিছাৰীৰে প্ৰায় 80 টা পৰিয়ালক সংস্থাপন দি আহিছে ৷ লক ডাউনৰ সময়তো অমৰজ্যোতি পাচনীয়ে নিজ ব্যৱসায়েৰে অধিক উপাৰ্জন কৰা বুলি মত পোষণ কৰে ব্যৱসায়ীজনে ৷ অৱশ্যে আজি পৰ্যন্ত এই সফল ব্যৱসায়ীজনে কোনো চৰকাৰী সা-সুবিধা লাভ কৰা নাই ।