লকডাউন: উপযুক্ত বজাৰৰ অভাৱত গেলিছে শ শ ৰঙালাও

🎬 Watch Now: Feature Video

thumbnail
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ ৰাজ্যত সম্প্ৰতি অব্যাহত আছে সান্ধ্য আইন তথা দীঘলীয়া লকডাউন প্ৰক্ৰিয়া ৷ এনেদৰে বৃদ্ধি পোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈছে সমাজৰ সৰ্ব স্তৰৰ লোক ৷ ৰাজ্যত আংশিক লকডাউন আৰু সান্ধ্য আইন অব্যাহত থকাত সমস্যাৰ সৃষ্টি হৈছে খেতিয়কসকলৰ ৷ শিৱসাগৰ জিলাৰ দিখৌমুখত উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে ৷ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ৰঙালাও সংৰক্ষণৰ অভাৱত গেলিবলৈ আৰম্ভ কৰিছে ৷ বজাৰৰ অভাৱত কৃষকসকলে নিজ গৃহতে ৰাখিবলগীয়া হৈছে শ শ ৰঙালাও ৷ লকডাউনৰ পৰিপেক্ষিতত ৰঙালাও বিক্ৰী কৰিব নোৱাৰি বেপাৰীয়ে পানীৰ দৰত ক্ৰয় কৰিবলৈ বিচৰাত এতিয়া দিক-বিদিক হেৰুৱাই পেলাইছে খেতিয়কসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.