Elephant Calf died at Kaliabor: কাজিৰঙাৰ ধাননি পথাৰত উদ্ধাৰ হাতী পোৱালিৰ মৃতদেহ - হাতীৰ পোৱালিৰ মৃত্যু
🎬 Watch Now: Feature Video
পুনৰ বনৰীয়া হাতীৰ মৃত্যু ৷ গোৱালপাৰাৰ লগতে পিছত এইবাৰ জখলাবন্ধা বনখণ্ডৰ অধীনৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) দাঁতিকাষৰীয়া কিলিং গাঁৱৰ পথৰ কাষৰ এডৰা ধাননিৰ কাষত মৃত অৱস্থাত উদ্ধাৰ হয় এটা হাতী পোৱালি (Elephant Calf died at Kaliabor) । বনবিভাগে প্ৰায় চাৰি বছৰীয়া হাতীৰ পোৱালিটো বনৰীয়া হাতীৰ জাকৰে হোৱা যুঁজত মৃত্যুৰ সন্দেহ প্ৰকাশ কৰিছে ৷ সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জ (Burapahar forest range) আৰু জখলাবন্ধা বনখণ্ডৰ বিষয়া-কৰ্মচাৰী, শালনাৰ বনাঞ্চলিক বিষয়া উপস্থিত হৈ দীৰ্ঘদিনধৰি অঞ্চলটোত বিচৰণ কৰি থকা মৃত হাতীৰ পোৱালিটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ লগতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটো সমাধিস্থ কৰে । বনবিভাগে জানিবলৈ দিয়া মতে, মৃত হাতীৰ পোৱালিটো দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । বনবিভাগে হাতীটোৰ চিকিৎসা কৰিছিল ৷