KAAC Election 2022 : বুধবাৰে কাৰ্বি আংলঙৰ চাৰি স্থানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন
🎬 Watch Now: Feature Video
তুংগত উঠিছে ৮ জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(KAAC Election 2022)ৰ প্ৰচাৰ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পাহাৰত অব্যাহত ৰাখিছে মাৰাথন প্ৰচাৰ অভিযান(Campaign of CM Sarma for KAAC election) ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিষদৰ ২৬ টা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে বৈঠালাংছ’, চকীহোলা, খেৰণি আৰু বকলীয়াঘাটত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ হকে প্ৰচাৰ অভিযান চলাব ৷ বুধবাৰে পুৱা ১০ বজাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হেলিকপ্তাৰেৰে বৈঠালাংছ'ত উপস্থিত হ'ব মুখ্যমন্ত্ৰী শৰ্মা ৷