হিমন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ
6 এপ্ৰিলত ৰাজ্যৰ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যৰ 126 টা সমষ্টিৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে জালুকবাৰী ৷ গীত-নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ জালুকবাৰী বিধান সভা সমষ্টিত ৷ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ সমষ্টিটোৰ মান্দকাটা চাহ বাগিচা চকৰ এখনি সভাত নিশা অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে । ভাষণৰ মাজতে ঝুমুৰ গীত পৰিবেশন কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷ নিশা চাহ বাগিচাৰ মহিলাৰ মাজত ঝুমুৰ গাই নৃত্য কৰে ৷ আনহাতে সমষ্টিত উপস্থিত নোহোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকে নিৰ্বাচনী প্ৰচাৰ কৰি থকাটো ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত বিৰল ঘটনা বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷