চৰকাৰী নিদেৰ্শনা মানি সোণাৰিত সম্পন্ন সমূহীয়া নামাজ - Eid al Adha 2022
🎬 Watch Now: Feature Video
সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰে পবিত্ৰ ঈদুল আজহা(Eid-al-Adha 2022) । ঈদৰ পূৰ্বে হোৱা চৰ্চা বিতৰ্কৰ ওৰ পেলাই ৰাজ্য়ৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিত পবিত্ৰ ঈদুল আজহা উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পন্ন কৰে সমূহীয়া নামাজ । ইছলাম ধৰ্মাৱলম্বী শিশুৰ পৰা বৃদ্ধলৈকে কেইবা শতাধিক লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইদৰে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । তেওঁলোকে গো-আইনক সন্মান জনাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়মৰ মাজেদি কুৰ্বানি অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে । কুৰ্বানিক লৈ কিছু লোকে বিভ্ৰান্তিকৰ পৰিবেশ সৃষ্টি কৰাৰো অভিযোগ কৰে এইসকল লোকে ।