বান আহিলেও বাতিল নহয় পৰীক্ষা : শিক্ষামন্ত্ৰী - শিক্ষামন্ত্ৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2021, 9:49 PM IST

উত্তৰ গুৱাহাটীস্থিত গৱেষণা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (ABILAC)ৰ কাৰ্যলয়ত সোমবাৰে উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ বুজ লয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শীঘ্ৰেই ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ ভাল খবৰ আহিব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ বান আহিলেও পৰীক্ষা বাতিল নহয় ৷ ইয়াৰ বাবে বানৰ পূৰ্ব‌ পৰিস্থিতি চাই পৰীক্ষা কেন্দ্ৰসমূহ নিৰ্বাচন কৰা হৈছে । ক’ভিডৰ সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱাত শিক্ষাৰ্থীসকলে আগন্তুক 15-16 জুনৰ ভিতৰত ভাল খবৰ লাভ কৰিব বুলি সদৰি কৰে শিক্ষামন্ত্ৰী পেগুৱে ৷ আনহাতে মঙলবাৰে বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱী, প্ৰশাসন, স্বাস্থ্য বিভাগ, পৰিবহন বিভাগৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব শিক্ষাবিভাগ । উক্ত বৈঠকত চূড়ান্ত হ’ব পৰীক্ষাৰ নতুন নীতি-নিৰ্দেশনা ৷ আনহাতে শিক্ষাৰ্থীসকললৈ আহ্বান জনাই শিক্ষামন্ত্ৰী পেগুৱে কয়, ‘‘ভালে থাকক,পঢ়ি থাকক’’ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.