অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত ড্ৰাগছৰ উজান - Drugs peddler arrested at Diphu
🎬 Watch Now: Feature Video

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাইত পুনৰ আৰক্ষীয়ে মহিলাসহ তিনি সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত এটা দলে খটখটী থানা এলেকাৰ ৰেংমা বস্তিত তালাচী চলাই দুখন চাৰিচকীয়া বাহনৰ পৰা ৯০ টা চাবোনৰ বাকচত ১ কেজি ৩৩০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে (Heroin seized at Diphu) ৷ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে ৷ আটকাধীন লোক তিনিজন মণিপুৰ সেনাপতি জিলাৰ জ'নাথান ছাচামা(25), ৱেইঅ' (42) আৰু নাগালেণ্ডৰ কহিমাৰ আভিক (25) বুলি জানিব পৰা গৈছে (Drugs peddler arrested at Diphu) ৷