টীয়কত 18 মাহে অসম্পূৰ্ণ অৱস্থাত নলা নিৰ্মাণৰ কাম

By

Published : Jun 16, 2021, 6:37 PM IST

thumbnail
বিগত 18 মাহে সম্পূৰ্ণ নহ’ল টীয়ক পৌৰসভাৰ কোটি টকীয়া নলা (Drain) ৷ বিগত বৰ্ষৰ জানুৱাৰী মাহতেই টীয়ক পৌৰসভা (Teok Municipality)ই নগৰৰ পানী নিষ্কাষণৰ বাবে চাৰিটা ৱাৰ্ডতে নলা নিৰ্মাণৰ ব্যৱস্থা কৰিছিল । কিন্তু পৰিতাপৰ কথা যে, আজি পৰ্যন্ত সেই নলাসমূহ সম্পূৰ্ণ হৈ নুঠিল । নগৰৰ 2 নং ৱাৰ্ডত মুঠ 27,90,150 টকা ব্যয় সাপেক্ষে এটা নলা নিৰ্মাণ কৰা হৈছিল যদিও নলাটোৰ কাম দহ শতাংশও সম্পূৰ্ণ নহ’ল ৷ ঠিকাদাৰৰ মইমতালিৰ বাবেই টীয়ক নগৰৰ ৰাইজে জীয়াতু ভুগিব লাগিব বুলি আশংকা প্ৰকাশ কৰা হৈছে । ইফালে টীয়ক নগৰৰ পৰা কাৱৈমাৰী সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৰে বহুকেইখন গাঁৱৰ যোগাযোগৰ মাধ্যম । পথটো মেৰামতিৰ বাবেও লোকনিৰ্মাণ বিভাগে (PWD) প্ৰায় 1 কোটি 32 লাখ টকা আৱণ্টন দিছিল যদিও পথটোৰ কিছু অংশহে মেৰামতি কৰি ঠিকাদাৰে নিজৰ দায়িত্ব সামৰিলে । এতিয়া পথ আৰু নলাৰ অসম্পূৰ্ণতাই বাৰিষাৰ সময়ত যে ৰাইজক বহু অসুবিধাত পেলাব সেইটো নিশ্চিত হৈ পৰিছে । সেয়েহে সময় থাকোতেই নলাৰ বাবে পৌৰসভাক তথা পথটোৰ বাবে লোকনিৰ্মাণ বিভাগ (PWD)ক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন সমাজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.