বোকাখাত চাহ বাগিছাত ছাত্ৰীক পাঠ্যপুথি বিতৰণ মালিক পক্ষৰ

By

Published : Jun 12, 2022, 10:14 PM IST

thumbnail

বোকাখাতৰ এখন বাগিছাৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ । বোকাখাত চাহ বাগিছাৰ স্বত্বাধিকাৰী ওম প্ৰকাশ গাটানিয়ে (Owner Om Prakash Gattani owner of tea garden in Bokakhat) তেখেতৰ পিতৃ স্বৰ্গীয় খুমচান গাটানিৰ মৃত্যুৰ দিনটোত মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বৰ্ষত পঢ়ি থকা বাগিছাখনৰ ২০ গৰাকী ছাত্ৰী ২৫০০ টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় ৷ লগতে তেওঁ পাঠ্যপুথি আৰু একোটিকৈ গছপুলি প্ৰদান কৰে (Distribution of textbooks and financial grants to girls students)। বোকাখাত চাহ মজদুৰ সংঘ আৰু স্থানীয় আটছাৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা । বাগিছাখনৰ মালিকৰ এনে পদক্ষেপে ছাত্ৰীসকলৰ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত বহু পৰিমাণে অৱদান আগবঢ়াব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.