সোপাধৰাৰ আতংক: উৰা বাতৰিত আতংকিত নহ'বলৈ আহ্বান ডিব্ৰুগড় আৰক্ষীৰ - ডিব্ৰুগড় আৰক্ষী
🎬 Watch Now: Feature Video
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া সোপাধৰাৰ আতংক । ঠায়ে ঠায়ে সোপাধৰাৰ সন্দেহত বলি হ'বলগীয়া হৈছে নিৰীহ লোক । ডিব্ৰুগড় চহৰৰ লগতে জিলাখনৰ গাঁৱে-ভূঁঞে বিয়পিছে সোপাধৰাৰ আতংক । সেয়েহে আজি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই সংবাদমেল যোগে সোপাধৰাৰ উৰা বাতৰি বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনায় (Dibrugarh SP urges people not to panic over rumours)। WhatsApp ত বিয়পি পৰা সোপাধৰাৰ ভিডিঅ' বোৰৰ কোনো ভিত্তি নাই বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । যদি তেনে ঘটনাৰ খবৰ পাই তেন্তে আইন হাতত তুলি নলৈ আৰক্ষীক খবৰ দিবলৈ আহ্বান অধীক্ষকগৰাকীৰ । লগতে তেওঁ আৰক্ষীৰ কন্ট্ৰল ৰুমৰ 6026901302 নম্বৰত ফোন কৰি জনাবলৈ আহ্বান জনাইছে ৷