thumbnail

Desh Bhakti Divas: লখিমপুৰত উদযাপন দেশভক্তি দিৱস

By

Published : Jul 28, 2022, 3:16 PM IST

লখিমপুৰ জিলা প্ৰশাসনৰ সৌজন্যত তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ত উদযাপন কৰা হয় 83 সংখ্যাক দেশভক্তি দিৱস ( 83th Desh Bhakti Divas celebrated in Lakhimpur)। আজিৰ দেশভক্তি দিৱসৰ কাৰ্য্যসূচী জিলা উন্নয়নখণ্ড বিষয়া মনোজ কুমাৰ বৰুৱাই উদ্বোধন কৰে । জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চাংমায়ে আত ধৰা সভাখনত তৰুণৰাম ফুকনৰ জীবনাদর্শৰ ওপৰত আলোকপাত কৰি বক্তাসকলে উত্তৰ প্ৰজন্মৰ বাবে অধিক প্ৰচাৰ-প্ৰসাৰৰ আহ্বন জনায়। এই কাৰ্য্যসূচীত সংবাদকৰ্মী, জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি বিভিন্ন সংগঠন উপস্থিত থাকে । উল্লেখ্য যে, ৰাজ্যিক কেবিনেটত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি দেশভক্তি দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.