thumbnail

সোণ জিকিবলৈ বিশেষভাৱে সক্ষম যুৱকৰ কঠোৰ শ্ৰম

By

Published : Apr 12, 2021, 9:10 PM IST

দিল্লীৰ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত বিশেষভাৱে সক্ষম ছাত্ৰ এজনৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ ছাত্ৰজনৰ নাম নিখিল (15) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ভিডিঅ’টোত ছাত্ৰজনে নিজকে পেৰা-অলিম্পিক খেলত স্বৰ্ণ জয়ৰ বাবে প্ৰস্তুত কৰা দেখা গৈছিল । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছাত্ৰজনৰ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কয় যে ছাত্ৰজনৰ মনৰ উদ্যম আন বহুতৰ কাৰণে উদাহৰণ হৈ পৰিছে ৷ ইয়ে বহুতৰ কাৰণে নতুন পোহৰ আৰু আশা কঢ়িয়াই আনিছে ৷ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতিভা প্ৰমাণ কৰিবলৈ এখন উপযুক্ত মঞ্চ লাভ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.