thumbnail

পূজাত উচ্চস্বৰত বজাব নোৱাৰিব DJ: বিশ্বজিৎ পেগু

By

Published : Sep 23, 2022, 1:59 PM IST

শাৰদীয় দুৰ্গোৎসৱক লৈ সষ্টম ডিব্ৰুগড় প্ৰশাসন(Dibrugarh administration ready to Durga Puja) । জিলাখনত পূৰ্বৰ দৰেই নীতি-নিয়ম মানি শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগিব পূজা সমিতিসমূহে । লগতে এইবাৰ উচ্চস্বৰত ডি জে বজোৱাৰ ক্ষেত্ৰত কঠোৰ প্ৰশাসন । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত প্ৰতিমা বিসৰ্জনৰ সময়ত উচ্চস্বৰত ডি জে বজোৱাত নিষেধাজ্ঞা(Ban on playing DJ during Durga Puja) । ৰাইজৰ অভিযোগৰ ভিত্তিত চুপ্ৰিম কৰ্টৰ নিৰ্দেশনাক লৈ ডিব্ৰুগড়ত বলৱৎ হ'ব এই নিয়ম । অৱশ্যে পূজা সমিতি সমুহৰ লগত আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত ল'ব বুলি ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । এতিয়ালৈকে এশৰো অধিক আবেদন আহিছে আৰু ইয়াৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.