যোৰহাটত 200 ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত - শিশু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12286674-thumbnail-3x2-jc.jpg)
যোৰহাটৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত সোমবাৰে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ কৰ’ণাৰ দ্বিতীয়টো ঢৌত ১৮ বছৰ তলৰ ২০০ ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫ টা শিশু ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ বৰ্তমান জিলা খনত ৰাজহুৱা আৰু ঘৰুৱা মাংগলিক কৰ্মৰ বাবেই ক’ভিড অধিক হাৰত সংক্ৰমিত হৈছে বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে ৷ জিলাখনত কভিডে ভয়ংকৰভাৱে সংক্ৰমিত হোৱাত পূৰ্বতকৈ অধিক সস্তম হৈ পৰিছে জিলা প্ৰশাসন ৷ আনহাতে যোৰহাট জিলা খন ৰেড জ’ন হিচাপেও ঘোষণা কৰা হৈছে, যদি কৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই তেনেহলে লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে বুলি সাংবাদিকৰ আগত আজি মন্তব্য কৰে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷