thumbnail

By

Published : Jul 27, 2022, 2:29 PM IST

ETV Bharat / Videos

Cyber crime gang arrested: আৰক্ষীৰ অভিযানত ভূৰাগাঁৱত আটক তিনি ছাইবাৰ অপৰাধী

ভূৰাগাঁও আৰক্ষীৰ অভিযানত আটক তিনি ছাইবাৰ অপৰাধী (Cyber crime gang arrested in Bhuragaon)। ভূৰাগাঁও আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জৰিবৰৰ বেছামাৰী ডুবাৰ পৰা ৰফিকুল ইছলাম, মেহদি আলম আৰু ছেকাব উদ্দিন নামৰ তিনি চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় । ধৃত ছাইবাৰ অপৰাধীকেইজনে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ পৰাই ছাইবাৰ সংক্ৰান্তীয় বিভিন্ন অপৰাধৰ এটা ঘাটি চলাই আহিছিল । সহজ-সৰল গঞা ৰাইজৰ পৰা কৌশলেৰে পেন-কাৰ্ড, আধাৰ কাৰ্ড সংগ্ৰহ কৰি গৰাকীৰ অজ্ঞাতে তেওলোকৰ নামত অপৰাধীয়ে লাখ লাখ টকাৰ লোন সংগ্ৰহ কৰি আহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ অভিযোগ অনুসৰি অতি নিম্ন পৰ্যায়ৰ জীৱন ধাৰণৰ পৰা গৈ অতি কম সময়তে লাখপতি হৈ পৰিছে ছাইবাৰ অপৰাধৰ লগত জড়িত বহু যুৱক । এনে বহু অভিযোগৰ অন্তত আৰক্ষীয়ে তিনি যুৱকক আটক কৰিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে আন কেইবাটাও ছাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড অঞ্চলটোৰ বহুকেইজন যুৱক । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভূৰাগাঁৱৰ বৃহৎ অঞ্চলটোৰ পৰা বহু কেইজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.