Memorandum to CM: লংকাত চি পি আই (এম)ৰ ৯ দফীয়া দাবীত স্বাক্ষৰ সংগ্রহ অভিযান - Signature collection drive on 9 demand

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2022, 8:41 PM IST

হোজাই জিলাৰ লংকাত চি পি আই (এম)ৰ ৯ দফীয়া দাবীৰ ভিত্তিত চহী সংগ্রহ অভিযান (CPI-M Lanka signature collection drive) । চিপিআই (এম) লংকা শাখাৰ ৰাইজৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে ৯ দফীয়া দাবীৰ ভিত্তিত চহী সংগ্রহ অভিযান (Signature collection drive on 9 demand) । নিত্য প্রয়োজনীয় খাদ্য সামগ্ৰীকে ধৰি সকলো বয়-বস্তুৰ দাম বৃদ্ধিৰ ফলত দুখীয়া আৰু সীমিত আয়ৰ লোকসকল ভয়ানক অনাটনৰ সন্মুখীন হ'বলগীয়া হৈছে । মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে ৰাইজক সকাহ দিয়াৰ বাবে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ নকৰাত বয়-বস্তুৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ কৰ্মসংস্থানহীনতাৰ সমস্যাই ৰাজ্যখনৰ আর্থ-সামাজিক, ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে বুলি জানিবলৈ দিয়ে লংকাৰ চি পি আই (এম)ৰ বিষয়ববীয়াসকলে । লগতে আৰু কয় যে এনে এক অৱস্থাত ৰাজ্যখনৰ জনসাধাৰণক কিছু পৰিমাণে সকাহ দিয়াৰ স্বাৰ্থত ৰাইজৰ স্বাক্ষৰকাৰী ৯ টা দাবী সন্মিলিত স্মাৰক-পত্ৰ অসমৰ মুখ্যমন্ত্রীগৰাকীলৈ (Lanka CPI-M Memorandum to Chief Minister) লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰদান কৰে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.