22 মাৰ্চত জনতাৰ সান্ধ্য আইন পালনৰ আহ্বান প্ৰধান মন্ত্ৰীৰ - কৰ'ণা ভাইৰাছৰ সংক্ৰমণ
🎬 Watch Now: Feature Video

নিউজ ডেস্ক, 19 মাৰ্চঃ জনতাৰ দ্বাৰা সান্ধ্য আইন পালনৰ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ 19 মাৰ্চত ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা আৰু সাৱধানতামূলক ব্যৱস্থা হিচাপে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দেশৰ জনসাধাৰণক স্বকীয়ভাৱে সান্ধ্য আইন পালন কৰিবলৈ আহ্বান জনায় ৷